গুৱাহাটীঃ যোৱা ৩৬ ঘণ্টীয়া জল্পনা-কল্পনাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিল ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ। দীৰ্ঘ ৬ মাহে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা মানস কোঁৱৰ মঙলবাৰে দুপৰীয়া লখৰাস্থিত কাৰাগাৰৰ পৰা ওলাই আহে৷ কেইবাগৰাকী সতীৰ্থই কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক অভিনন্দন জ্ঞাপন কৰে৷
চানমাৰী আৰক্ষী থানাত ৰুজু হৈ থকা এনআইএৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ আছিল কোঁৱৰ। সোমবাৰে চানমাৰিস্থিত এনআইএৰ আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিছিল মানসৰ৷ কিন্তু সোমবাৰৰ পৰাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাৰাগাৰ এলেকা ক’ৰোনাৰ হটস্পট তথা কণ্টেইনমেণ্ট জ’ন হৈ থকাৰ দোহাই দি মানসক মুকলি কৰি দিয়া নাছিল৷ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷
অৱশেষত জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে ৩৬ ঘণ্টাৰ মূৰকত মুকলি আকাশৰ তললৈ আহে মানস কোঁৱৰ৷ কাৰাগাৰৰ ভিতৰৰ পৰিবেশ অত্যন্ত বেয়া বুলি দাবী কৰি যি খাদ্য খাবলৈ দিয়ে সেয়া গৰুক নুখুৱাও বুলি কয়। আনহাতে পানীৰ ৰং ৰঙা হোৱাৰ উপৰিও ৫০-৬০ কয়দীক এটা কোঠাত থাকিব দিয়াৰ অভিযোগ উত্থাপন কৰে৷