লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ দক্ষিণ কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছয়গাঁও মহাবিদ্যালয়ত আজি ভূপেন ঠাকুৰীয়া আৰু খগেন বায়ন সোঁৱৰণী কুইজ প্ৰতিযোগিতা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয়। ৩০খন বিদ্যালয়ৰ ৫৪টা দলে অংশ লোৱা ভূপেন ঠাকুৰীয়া সোঁৱৰণী আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলে, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ভাগৱতীপাৰা মাধৱদেব হাইস্কুল আৰু ছয়গাঁও জাতীয় বিদ্যালয়ৰ দলে। ৪৮টা দলে অংশ লোৱা খগেন বায়ন সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতাত ক্ৰমে ভূপাল শৰ্মা আৰু ৰুবুল কলিতা (নলবাৰী), দুল হাজৰিকা আৰু ৰাজিবুল আৱাল (নগাঁও আৰু বৰপেটা) আৰু বিশ্বজিৎ শৰ্মা আৰু কমল মেধিয়ে (গুৱাহাটী) যুটীয়ে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাৰ কুইজ মাষ্টৰ ৰূপে আছিল বিদ্যালয় পৰ্যায়ত কল্পজ্যোতি কলিতা আৰু বনজিৎ কলিতা৷ মুকলি শাখাত মানসপ্ৰীতম দাস কুইজ মাষ্টৰৰ দায়িত্বত আছিল। ছয়গাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱ কলিতাই উদ্বোধন কৰা প্ৰতিযোগিতাত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ নগেন কলিতা, শৈক্ষিক বিষয়া কমল ঠাকুৰীয়া, হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নীলকান্ত কম্বৰ লগতে প্ৰয়াত ভূপেন ঠাকুৰীয়া আৰু খগেন বায়নৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।