ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ অসমত হ’বনে নহয় সেই সন্দৰ্ভত ৩০ জানুৱাৰীত সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ে৷ ২৩ জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ডিলিমিটেশ্যন সন্দৰ্ভত গ্ৰহণ কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ পুনৰ শুনানি ৩০ জানুৱাৰী কৰা হ’ব বুলি ঘোষণা কৰিছে৷ সাংসদ অজিত কুমাৰ ভূঞা আৰু বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইয়ে অসমত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰি এখন পিআইএল দাখিল কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে সোমবাৰৰ দিনটোত বিষয়টো পৰ্যালোচনা কৰি দেশৰ ছলিচিটৰ জেনেৰেলৰ পৰা পিআইএল সন্দৰ্ভত শপতনামা বিচাৰে যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো তথ্য ন্যায়ালয়ত দাখিল নকৰিলে৷ যাৰ বাবে ৩০ জানুৱাৰী পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে৷ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ হোৱাটো বিচাৰিছিল আৰু এই সন্দৰ্ভত কোচ-কাৱাজো চলাইছিল৷ কেইবাটাও দল-সংগঠনে ২০০১ চনৰ লোক পিয়লৰ ওপৰত ভিত্তি কৰি ২০২৩ চনত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাটো যুক্তি সন্মত নহয় বুলি ইয়াৰ বিৰোধিতা কৰিছিল৷