ডিব্ৰুগড়ঃ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা পৌৰ কৰ্মচাৰীৰ। মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহ সময়ত সন্মুখৰ পৰা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া পৌৰসভাৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনে উত্থাপন কৰি অহা সমস্যাসমূহ সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে৷ ক’ৰোনাৰ বিভিষীকাৰ মাজতে বিভিন্ন দাবী সমাধানৰ হেতুকে প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছে পৌৰ কৰ্মচাৰীয়ে৷
ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি পৌৰ কৰ্সমচাৰী সন্থাৰ সভাপতি সিন্ধুৰাম কলিতা আৰু পৌৰ মজদুৰ সন্থাৰ সভাপতি ৰাজেছ বাছফৰে কয় যে, বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ভয়ংকৰ ক’ৰোনাৰ দুৰ্যোগৰ সময়ত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ দৰেই পৌৰ কৰ্মচাৰীসকলে একো একোজন প্ৰকৃত যোদ্ধাৰ ৰূপত সন্মুখৰ পৰা ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছে৷ ক’ৰোনা কালত চৰকাৰক পূৰ্ণ সহযোগ কৰি আহিছে বুলি কৈ চহৰ-নগৰসমূহত ক’ৰোনা সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিটো নিৰ্দেশনা গভীৰ নিষ্ঠাৰে পালন কৰা বুলি কয় পৌৰ কৰ্সমচাৰী সন্থাৰ সভাপতি সিন্ধুৰাম কলিতা আৰু পৌৰ মজদুৰ সন্থাৰ সভাপতি ৰাজেছ বাছফৰে৷
কিন্তু ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসন, কৰ্মচাৰীসকলৰ বাবে ৫০ লাখ টকাৰ জীৱন বীমা ঘোষণা কৰিছে যদিও পৌৰ কৰ্মচাৰীসকল এই বীমা দূৰৰ কথা নিজৰ প্ৰাপ্তৰ পৰাও বঞ্চিত হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কৰ্মচাৰীসকলে ২৭ মাহ পৰ্যন্ত দৰমহা পৰা বঞ্চিত হ’ব লগা হৈ আহিছে। যাৰ বাবে পৰিয়ালক ভৰণ-পোষণ দিয়াত জীয়াতু ভুগিব লগা হৈছে। ২০১৩ চনৰ ৪ ছেপ্টেম্বৰত ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী নহল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ বিভিন্ন দাবীৰ সমৰ্থনত অহা ৩১ আগষ্টত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ‘ধৰ্ণা’ কাৰ্যসূচী আৰু ১ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কৈ ‘অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী ৰূপায়ন কৰাৰ ঘোষণা কৰে৷
পৰৱৰ্তী সময়ত আৰু সৰ্বাত্মাক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে। সংবাদ মেলত ডিব্ৰুগড় জিলা কৰ্মচাৰী সন্থাৰ সভাপতি অনিল সিংহ উপস্থিত থাকি পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাটো পৰিতাপৰ কথা বুলি কৈ আন্দোলনৰ প্ৰতি কৰ্মচাৰী পৰিষদে সৰ্মথন জনোৱাৰ লগতে চৰকাৰক দাবী সমূহ পুৰনৰ দাবী জনাই।