শেহতীয়া বানত ২৭ খন জিলাৰ ৭ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত। ৭৫টা ৰাজহ চক্ৰৰ ১ হাজাৰ ৭৯০ খন গাঁৱৰ ৬৩ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোক খাদ্য-সামগ্ৰীৰ নাটনি হৈছে৷ ২৭ খন জিলাৰ ভিতৰতে একেই অৱস্থা লখিমপুৰ জিলাতো৷ ইয়াৰ মাজতে শুকুৰবাৰে নি সমষ্টি নাওবৈছাত বানপীড়িত এলেকাৰ খবৰ ল’বলৈ গৈ ককৰ্থনাৰ সন্মুখীন হয় কংগ্ৰেছ বিধায়ক ভৰত নৰহ। বানাক্ৰান্তই ঘেৰি লৈ বিভিন্ন প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে৷ একপ্ৰকাৰ ৰাইজৰ ৰোষত পৰে বিধায়ক নৰহ। ৰাইজৰ প্ৰশ্নৰ মুখামুখি হ’ব নোৱাৰি পলায়ন কৰিবলগীয়া হয় ভৰত নৰহ৷ বিগত প্ৰায় এসপ্তাহ ধৰি নাওবৈছাৰ বহু গাঁও প্লাৱিত হৈছে৷ কিন্তু এসপ্তাহৰ অন্তত ভৰত চন্দ্ৰ নৰহে খবৰ ল’বলৈ অহাত গেলাহাতী গোসাঁণীবাৰীত ৰাইজে প্ৰশ্ন কৰে৷