February 6, 2023, 9:13 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

২৭ জানুৱাৰীত ছবিঘৰলৈ আহিব অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া ছবি ‘অনুৰ’

Reporter Name
  • Update Time : Wednesday, January 11, 2023
  • 15 Time View

নিউজ ডেস্কঃ ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে ‘কেকটাচ’ আৰু ‘কানীন’ নামৰ দুখন চলচ্চিত্র নির্মাণৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ’(Eyes on the Sunshine) চলচ্চিত্রখনি অহা ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ আহিব। মহানগৰীৰ পেঞ্চনপাৰাৰ কেফে ক্ৰাফটত বুধবাৰে ছবিখনিৰ সংগীতসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সম্প্ৰতি দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত তথা সমাদৃত ছবিখনিৰ সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। ছবিখনিত সংযোজিত তৰালী শৰ্মাৰ দুয়োটা গীতত কণ্ঠদান কৰিছে ৰূপম ভূঞা আৰু তৰালী শৰ্মাই। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ কেনেদৰে অবদমন কৰি থাকিবলগীয়া হয় তাকেই মূল বিষয়বস্তু হিচাপে লৈ ছবিখনিৰ চিত্ৰনাট্য-সংলাপ লিখিছে পৰিচালক মঞ্জুল বৰুৱাই। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ। ছাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতমে। সাজসজ্জা গৰিমা শইকীয়া গাৰ্গৰ। মেকআপ আৰ্টিষ্ট তীব্ৰজ্যোতি বৈৰাগী। ছবিখন সম্পাদনা কৰিছে টুৱেনচাঙে। ৰি-ৰেকৰ্ডিং আৰু মিক্সিং কৰিছে দেবাজিৎ চাংমায়ে। পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই। ‘অনুৰ’ত অভিনয় কৰিছে ক্ৰমে- বলিউডৰ জনপ্ৰিয় শিল্পী ৰজত কাপুৰ, ড° জাহানাৰা বেগম, বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা, মানস দাস, ড° জয়ন্ত দাস, আখ্যা জে কাশ্যপ, ময়ূৰ জি দাস, শ্ৰুতিমালা শইকীয়া, কুল কুলদীপ, ৰয়ন্তী ৰাভা, মিতু বি. কাশ্যপ, দ্ৰুপদ দাস, অঞ্জনাভ ৰাজখোৱা আদিয়ে।
আনহাতে, ছবিখনিৰ সংগীত মুকলি কৰি সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ প্ৰদান কৰি অসমীয়া ছবিৰ উত্থান, যুৱপ্ৰজন্মৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়ে প্ৰসংশা কৰে। তদুপৰি, অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকল ক্ৰমে জ্যেষ্ঠ চলচ্চিত্ৰ সমালোচক, পৰিচালক উৎপল বৰপূজাৰী প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে ছবিখনিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে