March 29, 2023, 11:33 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

২৬ আগষ্টৰ পৰা ৰাজ্যৰ এই তিনিখন জিলাত জাৰি কৰা হ’ব ১০দিনীয়া লকডাউন…

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 205 Time View

গুৱাহাটীঃ বৰাক উপত্যকাৰ তিনি জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত বৃদ্ধি পোৱা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৬ আগষ্টৰ পৰা জিলা কেইখনত ১০ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দেওবাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অহা ২৬ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ জিলা তিনিখনত লকডাউন অব্যাহত থাকিব।

এই সন্দৰ্ভত মুখ্য সচিবগৰাকীয়ে কয় যে জিলা কেইখনৰ উপায়ুক্তই দাখিল কৰা কোভিড সংক্ৰমণৰ প্ৰতিবেদনলৈ লক্ষ্য ৰাখি আৰু আলোচনামৰ্মে ৰাজ্য চৰকাৰে এই লকডাউন জাৰি কৰাৰ সিদ্ধান্ত লৈছে, যাতে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। উল্লেখ্য যে, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত বৰ্তমানলৈকে ৩৫০০ৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰায় ৩০ জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ৰাজ্যত কোভিড-১৯ৰ আক্ৰান্তৰ সংখ্যাই ৯০ হাজাৰৰ ঘৰ অতিক্ৰমণ কৰিছে। ৰাজ্যত ২৪২ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে। অৱশ্যে দেওবাৰ পৰ্যন্ত ৰাজ্যত ৭০,৯০০ জন লোক কোভিড-১৯ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে বুলিও স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে