অহা ২৫ মাৰ্চত দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব যোগী আদিত্যনাথে৷ যোগী আদিত্যনাথে অহা শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে এই তাৰিখ জাৰি কৰিছে। দলটোৱে ৰাজ্যিক নিৰ্বাচনত এক ঐতিহাসিক বিজয় লাভ কৰে৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত প্ৰকাশ কৰা হয়। ৩৭ বছৰত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত এটা দল পুনৰ ক্ষমতালৈ আহিছে।