মানিকপুৰঃ স্কুলৰ ৰান্ধনিসকলে চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ চৰকাৰে ৰান্ধনিসকলৰ দাবী মানি নোলোৱাত পুনৰ প্ৰতিবাদত নামিছে ৰাজ্যৰ ৰান্ধনিসকল৷
শুকুৰবাৰে বৰপেটা জিলাৰ সৰভোগ গান্ধী ভৱনত চিটুৰ উদ্যোগত স্থানীয় ৰান্ধনিসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰন্ধনিসকলে স্থায়ী নিযুক্তি দিয়া, অতিৰিক্ত মাননি বৃদ্ধি কৰাৰ দাবী জনাই ধৰ্ণা প্ৰদান কৰে৷ ৰন্ধন কৰ্মচাৰীক ৭ হাজাৰ ৫০০ টকাকৈ সাহায্য দিয়াৰ দাবী জনায়৷
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া আন্দোলন পৰিপ্ৰেক্ষিতত ২০২০-২১ চনৰ ফেব্ৰুৱাৰী মাহৰ বাজেট অধিৱেশনত অতিৰিক্ত মাননি দিয়াৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ পুঁজিও মোকলাই দিছিল৷ কিন্তু বিগত ৭ মাহ উকলি যোৱাৰ পিছতো অতিৰিক্ত মাননি আজিলৈ আদায় নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰান্ধনিসকল৷
চৰকাৰে মহিলা সবলীকৰণৰ কথা কৈ আহিছে বুলি অভিযোগ উত্থাপন কৰি শিক্ষা বিভাগৰ এক লাখ ২৪ হাজাৰ মহিলা ৰান্ধনিক বৰ্দ্ধিত দৰমহা দিয়াত কৃপণালি কৰা বুলি কয় ৰান্ধনিসকলে৷