ডিজিটেল ডেস্কঃ ভাৰতে দিছে পাকিস্তানক উচিত প্ৰত্যুত্তৰ৷ বাৰে বাৰে পাকিস্তানে যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি অহাত ভাৰতে বৃহস্পতিবাৰে উচিত প্ৰত্যুত্তৰ দিছে৷ ভাৰত পক্ষই বৃহস্পতিবাৰৰ আবেলিৰ পৰাই পাকিস্তানৰ সেনাক প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰাত সীমান্তত উত্তেজনা আৰম্ভ হয়৷ পাকিস্তানে জম্মু-কাশ্মীৰৰ উত্তৰ দিশৰ কুপৱাড়া জিলাৰ এলঅ’চিৰ কেৰণ চেক্টৰ আৰু মাছিল চেক্টৰত গুলীবৰ্ষণ কৰিছিল৷ ভাৰতৰ সেনাক লক্ষ্য কৰি পাকিস্তানে মৰ্টাৰ, গুলীবৰ্ষণ কৰে৷ ভাৰতৰ তিনি জোৱান শ্বহীদ হয়৷ কিন্তু বৃহস্পতিবাৰে আবেলি হোৱাৰ লগে লগে ভাৰতে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে পাকিস্তানক৷ ভাৰতে মৰ্টাৰ, গোলা-বাৰুদেৰে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াত পাকিস্তানৰ কেইবাটাও চকী ধ্বংস হোৱা বুলি দাবী কৰা হৈছে৷ কিন্তু পাকিস্তানৰ কিমান সৈন্য নিহত হৈছে সেই কথা জানিব পৰা হোৱা নাই৷