কংগ্ৰেছৰ বিসম্বাদী জি-২৩ গোটে আজি পুনৰ বৈঠকত মিলিত হৈছে। ২৪ ঘণ্টাৰ ভিতৰত জি-২৩ৰ গোটে দ্বিতীয়বাৰ বৈঠক কৰে। কংগ্ৰেছৰ বিসম্বাদীসকলৰ মূল গোট জি-২৩ আজি পুনৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ বাসগৃহত মিলিত হয়। বৈঠকখন সন্ধিয়া ৭ বজাত আৰম্ভ হয়৷ বুধবাৰৰ গোলাম নবী আজাদৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পিছতে বিসম্বাদী নেতাসকলে এক স্থায়ী নেতৃত্বৰ কথা কৈ দাবী কৰে৷ কংগ্ৰেছে ২০২৪ চনত বিজেপিৰ সৈতে যুঁজিবলৈ আন সম-মনোভাৱৰ দলসমূহৰ সৈতে এখন মঞ্চ গঢ়ি তুলিবলৈ সক্ৰিয় হ’ব বুলি বিবৃতি জাৰি কৰে।
পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত বুধবাৰে নিশা কংগ্ৰেছৰ বিসম্বাদী নেতাৰ গোট জি-২৩-এ এখন বৈঠক অনুষ্ঠিত কৰিছিল। জি-২৩ নেতাসকলে দলটোক বিভাজন কৰাৰ কথা অস্বীকাৰ কৰিছে। বৈঠকত সিদ্ধান্ত লৈ গান্ধী পৰিয়ালক তেওঁলোকৰ অনুগতসকলক গুৰুত্বপূৰ্ণ পদৰ পৰা আতৰাবলৈ আহ্বান জনাব। জি-২৩ বৈঠকত এইটোও আলোচনা কৰা হৈছে যে দলটো ‘অতি দুৰ্বল’ হৈ পৰিছে আৰু বিভাজন হ’লে বাচি নাথাকিব।
প্ৰথমখন জি-২৩ বৈঠকত কংগ্ৰেছ নেতা কপিল চিবালৰ বাসগৃহত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তত সলনি কৰা হয়। কাৰণ গান্ধী পৰিয়ালৰ বিৰুদ্ধে তেওঁৰ শেহতীয়া মন্তব্যৰ বাবে কিছুমান নেতাই অস্বস্তি অনুভৱ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিব্বলে কৈছিল যে মই সকলোৰে কংগ্ৰেছ বিচাৰো। আন কিছুমানে ঘৰৰ কংগ্ৰেছ বিচাৰে।