১. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। কৰ’না কালৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি।
২. ৰাজ্যত অব্যাহত আছে কৰ’নাৰ আধিপত্য। যোৱা ২৪ ঘণ্টাত অসমত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় ৭ জনকৈ লোকে। ফলত ৰাজ্যখনত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩৫২ জন। শনিবাৰৰ দিনটোত ২৩৪৩ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ নিজ গৃহলৈ যাবলৈ অনুমতি লাভ কৰিছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনোৱামতে বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২৮৫০৭ জন। ৰাজ্যত এতিয়ালৈ কৰ’নাত আক্ৰান্ত মুঠ ৰোগী হৈছে ১,২৩,৯২২ জন।
৩. আনলক-৪ত দেওবাৰেও বিদ্যালয়লৈ যাব লাগিব শিক্ষকসকল। লকডাউনৰ সময়ছোৱাত প্ৰায় ছমাহ ধৰি পাঠদান বন্ধ থকাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল। সেই লোকচানৰ পৰা শিক্ষাৰ্থীক উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিয়েই শনিবাৰে ৫৯ সংখ্যক শিক্ষক দিৱসৰ দিনা এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
৪. বাংলাদেশত মছজিদত সংঘটিত বিস্ফোৰণত নিহত লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি। বহুলোকক সংকটজনক অৱস্থাত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা।
৫. যোৰহাটৰ চন্দন নগৰত সংঘটিত যুৱ চিকিৎসক ৰাহুল বসুমতাৰী হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত দিগন্ত তাতীক কৰায়ত্ত আৰক্ষীৰ। হত্যাকাণ্ডৰ অধিক ক্লু উলিয়াবলৈ ধৃত দিগন্তক জেৰা অব্যাহত ৰাখিছে। দিগন্তৰ পৰা চিকিৎসক ৰাহুলৰ মোবাইলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
৬. শিক্ষক দিৱসৰ দিনটোৰ পৰাই ৰাজ্যত কাৰ্যকৰী কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০। নতুন শিক্ষা নীতিক লৈ গঠিত উচ্চ পৰ্য্যায়ৰ কমিটিৰ প্ৰথমখন বৈঠক শনিবাৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত অসমৰ শিক্ষা নীতিৰ পৰামৰ্শদাতা ৭২ জনীয়া কমিটীৰ সদস্য, সদস্যাসকল উপস্থিত থাকে। ইয়াৰ পিছতে ৰাজ্যত নতুন শিক্ষা নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৭. আনলক-৪ আৰম্ভ হোৱাৰ লগে লগে দেশত পুনৰ আৰম্ভ হ’ব ৰেলসেৱা। প্ৰথম অৱস্থাত ২৭০খন যাত্ৰীবাহী ৰে’ল চলিব দেশত। ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব Reservation প্ৰক্ৰিয়া। আৰম্ভ হ’ব গুৱাহাটী-বাংগালুৰু ৰে’লসেৱা। সোম, মঙল, দেওবাৰে গুৱাহাটীৰ পৰা বাংগালুৰুলৈ চলিব ৰে’ল। বুধ, বৃহস্পতি, শুকুৰবাৰে বাংগালুৰুৰ পৰা গুৱাহাটীলৈ ৰেল চলিব বুলি জানিব পৰা গৈছে।
৮. কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ‘State Business Reform Action Plan 2019 Ranking’ অৰ্থাৎ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সূচাংকত ২০ নম্বৰ স্থানলৈ অৱনমিত হৈছে অসম। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে মুকলি কৰা এই তালিকাত প্ৰথম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু তেলেংগানা। উল্লেখ্য যে ২০১৮ বৰ্ষত ১৭ সংখ্যক স্থানত আছিল অসম।
৯. আজি গ্ৰেপ্তাৰ হ’ব পাৰে সুশান্ত সিং ৰাজপুত হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। Narcotics Control Bureauৰ সমুখত হাজিৰ হ’বলৈ ৰিয়াক চমন জাৰি।
১০. যুদ্ধ হ’লে ভাৰত পৰাজিত হোৱাটো নিশ্চিত। ভাৰতক এইদৰে সকীয়াই দিছে চীনে। ৰাছিয়াত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱে ফাঙৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলোচনা কৰাৰ পিছতেই এই সকীয়নি প্ৰদান কৰে। চীনৰ চৰকাৰী সংবাদপত্ৰ ‘গ্লোৱেল টাইমছ’ৰ সম্পাদকীয়ত ভাৰতক এই সকীয়নি দি কোৱা হৈছে যে ভাৰততকৈ চীনৰ সামৰিক শক্তি যথেষ্ট বেছি।