নতুন দিল্লীঃ দিন যিমানেই গৈ আছে সিমানেই ভয়াৱহ হৈ পৰিছে কৰ’না কাল। আক্ৰান্তৰ সংখ্যাই নিতৌ গঢ়িছে ন ন অভিলেখ। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত হৈছে সৰ্বাধিক ৬,০৮৮ জনকৈ লোক। ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.১৮ লাখ।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে শুকুৰবাৰে পুৱাৰ মেডিকেল বুলেটিনত জনাইছে যে যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত আৰু ১৪৮ জনৰ মৃত্যু হৈছে। এই অনুযায়ী ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,৫৮৩ জন। দেশত বৰ্তমান ৬৬,৩৩০ জন কৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ ঘৰলৈ উভতিছে ৪৮,৫৩৪ জন।
মেডিকেল বুলেটিনত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, আক্ৰান্তৰ সংখ্যা বাঢ়িলেও সুস্থ হৈ উঠা লোকৰ সংখ্যাও সামান্য বৃদ্ধি পাইছে। বৰ্তমান সুস্থ হৈ উঠাৰ হাৰ হৈছে ৪০.৯৭ শতাংশ। বৃহস্পতিবাৰে এই হাৰ আছিল ৪০.৩১ শতাংশ। অৱশ্যে সুস্থ হৈ উঠা লোকৰ তুলনাত দিনে দিনে আক্ৰান্তৰ সংখ্যা অধিক হোৱাত ভিতৰি ভিতৰি উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ।