লোহিত চন্দ্ৰ শালৈঃ আলফাত সক্ৰিয় হৈ থকাৰ সময়তে সেনা-আৰক্ষীৰ নিৰ্মম প্ৰহাৰত মানিসক ভাৰসাম্য হেৰুৱাই পেলোৱা ছয়গাঁৱৰ নগেন দাস ওৰফে হিমাংশু দত্তক মৃত্যুৰ এদিন পিছতে আলফা স্বাধীনে অমৰ মৃতক ঘোষণা কৰে৷ আজি আজি বিবৃতি যোগে আলফা স্বাধীনে সংগ্ৰামক স্বীকৃতি দিয়াৰ লগতে অমৰ মৃতক ঘোষণা কৰে৷ জংঘলেই আছিল নগেন দাস ওৰফে হিমাংশু দত্তৰ ঘৰ৷ বন্দুক আছিল জীৱনৰ সংগী৷ অসমক স্বাধীন কৰাৰ সপোন লৈ ১৯৮২ চনতে ঘৰৰ পৰা ওলাই গৈ সেনা-আৰক্ষীৰ নিৰ্মম প্ৰহাৰত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল বিদ্ৰোহী নেতাগৰাকীয়ে৷ ২০ বছৰে নিজ ঘৰতেই বন্দীত্বৰ জীৱন কটাই বিদ্ৰোহী নেতা নগেন দাস ওৰফে হিমাংশু দত্তৰ শনিবাৰে মৃত্যু হয়৷ আলফাৰ বৈদেশিক সচিব নগেন দাস ওৰফে হিমাংশু দত্তই দক্ষিণ কামৰূপৰ ছয়গাঁও ধোৱাৰগাঁওস্থিত নিজ বাসগৃহত ৫৭ বছৰ বয়সত মৃত্যুক আকোৱালি লয়। সংযুক্ত মুক্তি বাহিনীৰ প্ৰাক্তন শীৰ্ষ নেতা নগেন দাস অতি মেধা সম্পন্ন আছিল৷ নগেন দাসে আশীৰ দশকত কটন কলেজৰ বিশেষ ছাত্ৰ আছিল যদিও ১৯৮২ চনত আলফাত যোগদান কৰিছিল। পৰেশ বৰুৱাৰ নেতৃত্বত দাসে আলফাৰ বৈদেশিক দপ্তৰ চোৱাচিতা কৰিছিল। আলফাত থকাৰ সময়তে কেইবাবাৰো আৰক্ষী তথা সামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আত্মসমৰ্পনৰ সকলো প্ৰস্তাব নাকচ কৰিছিল। ভাৰত-বাংলা সীমান্তত বাংলাদেশী সেনাৰ হাতত গ্ৰেপ্তাৰৰ সময়ত মূৰত আঘাতপ্ৰাপ্ত হৈছিল। তেতিয়াৰে পৰা মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যু পৰ্যন্ত মানসিক সমস্যাত ভূগি আছিল। প্ৰায় বিশ বছৰ ধৰি নিজ ঘৰতেই বন্দীত্বৰ জীৱন কটোৱা এসময়ৰ দুধৰ্ষ আলফা নেতা নগেন দাস ওৰফে হিমাংশু দত্তক আলফাৰ সতীৰ্থসকলেও খবৰ লোৱা নাছিল৷