বিগত কেইবাবাৰৰ দৰে পুনৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল৷ ইতিমধ্যে এই ষড়যন্ত্ৰ ফাদিল হৈছে৷ ঘটনা পোহৰলৈ অহাৰ পিছতে তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দি অচিনাক্ত লোকে ই-মেইল প্ৰেৰণ কৰে৷ ভাবুকি পোৱাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থাসমূহ তৎপৰ হৈ পৰে। অজ্ঞাত লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰিবলৈ এটা ই-মেইল প্ৰেৰণ কৰিছে। প্ৰেৰকজনে ই-মেইলত কয় যে ২০ কিলোগ্ৰাম আৰডিএক্স আছে সেই আৰডিএক্স খিনিৰে হাজাৰ হাজাৰ লোকক হত্যা কৰিব পাৰে। মই সমগ্ৰ দেশতে ২০টা আক্ৰমণৰ পৰিকল্পনা কৰিছো। প্ৰধানমন্ত্ৰী মোদীয়ে জীৱন ধ্বংস কৰিছে বুলি কয়৷ মোদীক হত্যাৰ এনে ভাবুকি দিয়া ই-মেইল পোৱাৰ পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই তদন্ত আৰম্ভ কৰিছে।