আগৰতলাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ। ৰাজ্যৰ ৰাজ্যপাল এছ এন আৰ্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে। অৱশ্যে, দেৱে পদত্যাগ কৰাৰ কাৰণ এতিয়াও জনোৱা নাই। ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন অহা ২০২৩ৰ বছৰৰ মাৰ্চ অনুষ্ঠিত হ’ব। যোৱা বিধানসভা নিৰ্বাচন ২০১৮ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ত্ৰিপুৰাত ৬০ জন সদস্যৰ এখন বিধানসভা আছে। ৪৩ শতাংশ ভোট লাভ কৰি বিজেপিয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ৩৬ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল আৰু তাত দীৰ্ঘদিনীয়া বাওঁপন্থী শাসনৰ সমাপ্তি ঘটাইছিল। সেই নিৰ্বাচনত বাওঁপন্থী দলবোৰে মাত্ৰ ১৬ খন আসন লাভ কৰিছিল।
তৃণমূল কংগ্ৰেছে বিপ্লব কুমাৰ দেৱক পদত্যাগক লৈ সমালোচনা কৰি টুইট কৰি কয় যে বিপ্লব কুমাৰ দেৱে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। ইতিমধ্যে ত্ৰিপুৰাৰ যথেষ্ট ক্ষতি কৰিছে। সেইকাৰণে দলৰ শীৰ্ষ নেতৃত্বই নিষ্ক্ৰিয়তাত বিচলিত। ত্ৰিপুৰাত টিএমচিৰ বৰ্ধিত প্ৰভাৱৰ বাবে বিজেপি নেতৃত্ব অস্বস্তিত পৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা ভূপেন্দৰ যাদৱ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱড়েক ত্ৰিপুৰাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি। বিপ্লব কুমাৰ দেৱৰ স্থান ল’ব লগা নতুন নেতাজনৰ নাম আজি সন্ধিয়া ঘোষণা কৰা হ’ব।