ইন্দোৰ জিলা আদালতে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰবীণ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙক এবছৰৰ শাস্তি প্ৰদান কৰিছে। গোচৰ হৈছে ২০১১ চনৰ৷ এজন বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগত ৰুজু হোৱা গোচৰৰ আজি ৰায়দান দিয়ে৷ ২০১১ চনৰ ১৭ জুলাইত বিজেপি কৰ্মী জয়ন্ত ৰাৱে উজ্জয়িনীত দিগ্বিজয় সিঙৰ কনভয়ক ক’লা পতাকা দেখুৱাইছিল। এই কাণ্ডত অগ্নিশৰ্মা হৈ দিগ্বিজয় সিং আৰু বিজেৱাইএম কৰ্মীৰ মাজত সংঘৰ্ষ হয়। দুয়োপক্ষই উজ্জয়িনীৰ মাধৱনগৰ আৰক্ষী থানাত ইজনে সিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। দিগ্বিজয় সিঙৰ উপৰিও প্ৰাক্তন সাংসদ প্ৰেমচন্দ্ৰ গুড্ডু, তৰানাৰ বিধায়ক মহেশ পাৰমাৰ, কংগ্ৰেছ নেতা অনন্ত নাৰায়ণ সিং আৰু অন্যান্যসকলৰ বিৰুদ্ধেও ৰায় দি ১-১ বছৰৰ শাস্তি ঘোষণা কৰে।