ডিজিটেল ডেস্কঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়, সঞ্চালকালয়ত প্ৰৱৰ্তন হ’ব অনলাইন ই-ফাইল ব্যৱস্থা। কাগজৰ পৰিৱৰ্তে সম্পূৰ্ণ ১০০ শতাংশ অনলাইন ই-ফাইল ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব সকলো চৰকাৰী কাৰ্যালয়ে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিভাগৰ আয়ুক্ত সচিব, বিটিচিৰ প্ৰধান সচিব, সকলো বিভাগৰ সঞ্চালক তথা সকলো মুখ্য অভিযন্তালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে৷
পত্ৰখনত উল্লেখ কৰা হৈছে যে অহা ৩১ মাৰ্চৰ ভিতৰত ফিজিকেল ফাইলৰ ব্যৱস্থাৰ পৰিৱৰ্তে বিভাগ তথা সঞ্চালকালয়সমূহে সম্পূৰ্ণ ই-ফাইল ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব৷ ইয়াৰ বাবে অহা ১২ জানুৱাৰীৰ ভিতৰত সকলো বিভাগৰ তথা সঞ্চালকালয়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হ’ব লাগিব৷ সকলো আয়ুক্ত তথা সঞ্চালকালয়ে চৰকাৰী ই মেইল আই ডি আৰু ভি পি এন একাউণ্ট খুলিব লাগিব৷ ১৩ জানুৱাৰীত সকলো বিভাগে এন আই চিৰ সৈতে ই অফিচ একাউণ্ট সংলগ্ন কৰিব লাগিব৷ ২১ জানুৱাৰীৰ ভিতৰত সকলো বিভাগ তথা সঞ্চালকালয়ে অন্ততঃ এটা ই-ফাইল পাইলট প্ৰজেক্ট হিচাপে নিষ্পত্তি কৰিব লাগিব৷ প্ৰতিটো বিভাগৰ আয়ুক্ত তথা সঞ্চালকসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ কাৰ্যালয়ত এন আই চি নেট সংযোগ-লেন থাকে৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো চৰকাৰী বিভাগ কাগজমুক্ত কৰি ই-ফাইল বা অনলাইন ব্যৱস্থাৰে সামৰি ল’বলৈ লক্ষ্য লৈছে৷ সেয়ে উঠিপৰি লাগিছে ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগ৷