ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমান্তৰ লাডাখৰ গলৱান ঘাটিত ১৫ জুনৰ পৰা আৰম্ভ হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে ১৬ জুনৰ নিশা চীন আৰু ভাৰতৰ সেনাৰ মাজত সংঘৰ্ষ লাগে। এই সংঘৰ্ষত ভাৰতৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ কমেও ৪৩গৰাকী সেনা আহত-নিহত হৈছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। সীমান্তৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিৰ ওপৰত কাঢ়া নজৰ ৰাখিছে।
কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি সন্দৰ্ভত বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰাৰ মাজতে ১৯ জুনৰ আবেলি ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব।
সীমান্তৰ উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে সকলো দলৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৈঠকত দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব।