অসমৰ বিশেষ আৰক্ষী সঞ্চালক (এডিজিপি) ড০ লাজ্জা ৰাম বিষ্ণোইক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) নিযুক্তি দিছে চৰকাৰে। অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেচৰ আইপিএছ বিষয়া বিষ্ণোইৰ নিযুক্তি মেঘালয় আৰক্ষীৰ শীৰ্ষ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। জ্যেষ্ঠতাৰ ভিত্তিত ১৯৮৯ বেচৰ অসমৰ বিশেষ ডিজিপি মুকেশ আগৰৱালাক ডিজিপি হিচাপে নিযুক্তি লাভ কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে বিষ্ণোই মেঘালয় আৰক্ষীৰ শীৰ্ষ পদত নিযুক্তি দিয়া হয়৷ ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ইউপিএছচিলৈ প্ৰেৰণ কৰা তালিকাত তিনিজনৰ নাম আছিল৷ যিকোনো লোকক নিযুক্তি দিবলৈ স্বাধীন আছিল চৰকাৰ। ইউপিএছচি-এ আন এগৰাকী আইপিএছ কে.ভি. সিং দেওক তালিকাভুক্ত কৰিছিল৷ দেও ১৯৮৯ বেচৰ আইপিএছ বিষয়া। গৃহ সচিব (আৰক্ষী) বিভাগৰ দ্বাৰা জাৰী কৰা মেঘালয় চৰকাৰৰ জাননী অনুসৰি মেঘালয়ৰ ৰাজ্যপাল বিষ্ণোইক ডিজিপি হিচাপে নিযুক্তি দিবলৈ অনুগ্ৰহ কৰিছে।