ডিজিটেল ডেস্কঃ প্ৰাপ্তবয়স্ক সকলো লোকে ১৫ জুলাইৰ পৰা বিনামূলীয়া ক’ভিডৰ বুষ্টাৰ ভেকচিন লাভ কৰিব৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷ ১৮ৰ পৰা ৫৯ বছৰৰ সকলো লোককে দিয়া হ’ব ক’ভিডৰ বুষ্টাৰ ড’জ৷ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ৭৭ কোটি লোকক বিনামূলীয়া ক’ভিড বুষ্টাৰ ভেকচিন প্ৰদান কৰা হ’ব৷