নিউজ ডেস্কঃ ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটীৰ মহানগৰীত কভিড- ১৯ ৰ ব্যাপক গণ সংক্ৰমণৰ মাজতে বুধবাৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে৷ উক্ত সংবাদ মেলত ক’ৰণাৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷
দেশৰ গৃহমন্ত্ৰীৰ অমিত শ্বাহে ফোনযোগে ৰাজ্যৰ ক’ৰণা পৰিস্থিতিৰ বুজ লয় বুলি মন্তব্য কৰি ড° শৰ্মাই কয় -গুৱাহাটীৰ পৰিস্থিতি অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে৷ প্ৰতি দিনে ১০ হাজাৰ লোকৰ ক’ৰণা পৰীক্ষা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে নিদেৰ্শ দিছে বুলিও তেওঁ কয়।
অসম চৰকাৰে কভিড-১৯ৰ ইজি টেষ্ট কৰিব৷ কৰ’ণা টেষ্টৰ ১৫ মিনিটৰ ভিতৰতে ৰোগীয়ে ফলাফল পাব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে৷ অসমে অতি সোনকালে এই টেষ্ট আৰম্ভ কৰিব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে সংবাদমেলত৷
ইফালে গুৱাহাটীত ক’ৰণা পৰীক্ষা বাবে নমুনা দিয়া পাছে বহু লোক ঘূৰি ফুৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- ক’ৰণা পৰীক্ষাৰ নমুনা দিয়াৰ পাছত বহু লোক ঘূৰি ফুৰা বাবেও কভিড-১৯ বিয়পিছে৷ পৰীক্ষাৰ ফলাফল নোপোৱালৈকে ৰোগী সকল ঘূৰি ফুৰাটোও অপৰাধ বুলি কয় মন্ত্ৰীগৰাকীয়ে৷
ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে ক’ৰণা ফলাফলৰ বাবে এটা ৱেবছাইট আৰম্ভ কৰা কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ COVIDASSAM.IN নামেৰে এটা ৱেবছাইট বুধবাৰৰ পৰা আৰম্ভ কৰিব ৷ যিসকলে নতুনকৈ পৰীক্ষাৰ বাবে নমুনা দিছে সেই সকলে এছআৰএফ নম্বৰ নম্বৰ দিলেই লাভ কৰিব ফলাফল৷