কাইলৈ অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিব৷ বিভিন্ন বিভাগত বিভিন্ন পদৰ বিপৰীতে প্ৰায় ২৩ হাজাৰ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব চৰকাৰে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰিব নিযুক্তি পত্ৰ৷ কাইলৈ ১১ বজাত ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব অসমবাসী৷
ৰাজ্যৰ নিবনুৱাক সংস্থাপন আৰু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ অসম আৰক্ষীৰ কনিষ্টবলৰ ৯ হাজাৰ পদৰ ফলাফল ঘোষণাৰ কৰাৰ লগতে মুঠ অহা ১৪ মে’ত ২৩ হাজাৰ নিবনুৱাক নিযুক্তি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ খানাপাৰাৰ খেলপথাৰত আয়োজন কৰিছে নিযুক্তিৰ কাৰ্যসূচী৷ শিক্ষা, গৃহ, স্বাস্থ্য বিভাগত ২৩ হাজাৰক নিযুক্তি দিব ৰাজ্য চৰকাৰে৷
১৪ মে’ত খানাপাৰা খেলপথাৰত মেগা নিযুক্তিৰ কাৰ্যসূচী আয়োজন কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে৷ অসম চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰি শীঘ্ৰে এক লাখৰ ভিতৰত ২৩ হাজাৰ নিবনুৱাক চাকৰি প্ৰদান কৰিব৷ শিক্ষা, গৃহ, স্বাস্থ্য বিভাগত ২৩ হাজাৰক নিযুক্তি দিব ৰাজ্য চৰকাৰে৷ এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে নিবনুৱাক উপহাৰ দিব চৰকাৰে৷
উল্লেখ্যে যে, অসম আৰক্ষীৰ এবি/ইউবি কনিষ্টবলৰ ৬৬৬২টা, এপিআৰঅ’ কনিষ্টবল ৮১৩টা, এফ.ই.এছৰ ৭৮৮টা, ডিজিচিডি-চিজিএইছজিৰ ৭৫৪টা, এআইএছএফ বেটেলিয়নৰ ১৫৪টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। এই সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে’ত নিযুক্তি পত্ৰ বিতৰণ কৰিব।