ৰাজ্যৰ নিবনুৱাক সংস্থাপন আৰু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ অসম আৰক্ষীৰ কনিষ্টবলৰ ৯ হাজাৰ পদৰ ফলাফল ঘোষণাৰ কৰাৰ লগতে অহা ১৪ মে’ত ২৩ হাজাৰ নিবনুৱাক নিযুক্তি দিবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ খানাপাৰাৰ খেলপথাৰত আয়োজন কৰিছে নিযুক্তিৰ কাৰ্যসূচী৷ শিক্ষা, গৃহ, স্বাস্থ্য বিভাগত ২৩ হাজাৰক নিযুক্তি দিব ৰাজ্য চৰকাৰে৷ ১ লাখ চাকৰিৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আজি পুনৰ বিশেষ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১৪ মে’ত খানাপাৰা খেলপথাৰত মেগা নিযুক্তিৰ কাৰ্যসূচী আয়োজনৰ সময়তে আজি জনতা ভৱনত বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ বিশেষ বৈঠক অনুষ্ঠিত কৰি বিশ্ববিদ্যালয়সমূহৰ খালী পদ পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে৷ উচ্চ শিক্ষাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ বাবে বিশ্ববিদ্যালয় তথা আন আন উচ্চ শিক্ষানুষ্ঠানৰ খালী পদসমূহ পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে৷ চৰকাৰে লোৱা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ জনতা ভৱনত উচ্চ শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিষয়াসকলক সোনকালে এই ক্ষেত্ৰত প্ৰয়োজনীয় কাম কৰিবলৈ নিৰ্দেশ দিয়ে।