নামৰূপঃ কেন্দ্ৰীয় চৰকাৰে নামৰূপৰ সাৰকাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাত পুনৰ সৰৱ হৈ পৰিছে নামৰূপৰ কেইবাটাও দল-সংগঠন৷ ২০০৬ চনৰ আজিৰ দিনটোতে তেতিয়াৰ কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে সাৰকাৰখানাৰ চতুৰ্থ গোট নিমাৰ্ণৰ ঘোষণা কৰিছিল যদিও ঘোষণা আজিও ঘোষণা হৈয়ে থাকিল৷ ১৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো চতুৰ্থ গোট নিৰ্মাণ নকৰাত আছুৱে শুকুৰবাৰে প্ৰতাৰণা দিৱস পালন কৰে।
প্ৰতিশ্ৰুতিৰ ১৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ নোহোৱাত আজি প্ৰতাৰণা দিৱস পালন কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই৷ সাৰকাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত কলা পতকা, কলা বেলুন লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰে সাৰকাৰখানাৰ চৌহদ। ইফালে কাগজ কলৰ দৰে অচলাৱস্থাৰ সৃষ্টি নকৰি শীঘ্ৰে চতুৰ্থ গোট নিমাৰ্ণৰ দাবী জনাই আছু আৰু সাৰকাৰখানাৰ শ্ৰমিক ইউনিয়নে।
নামৰূপৰ সাৰকাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ২০০৬ চনত আজিৰ দিনটোতে তেতিয়াৰ সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ তেতিয়াৰ সাংসদ এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ ঘোষণা কৰিছিল চতুৰ্থ গোট নিমাৰ্ণৰ কথা। কিন্তু ইয়াৰ পিছতো কোনো এখন চৰকাৰে চতুৰ্থ গোট নিমাৰ্ণত আজিলৈ গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে৷
বিগত বৰ্ষত বৰ্তমানৰ সাৰমন্ত্ৰী সদানন্দ গৌড়াই নামৰূপত উপস্থিত হৈ তিনি মাহৰ ভিতৰত যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি শীঘ্ৰে চতুৰ্থ গোট নিমাৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দিও সেয়াও বাস্তৱত পৰিণত নহ’ল৷ আনহাতে তৃতীয় গোট কোনো মতে চলি থকাৰ বিপৰীতে দ্বিতীয় গোটৰ এমনিয়া প্লাণ্ট বিস্ফোৰণৰ ফলত বন্ধ হৈ আছে। যাৰ বাবে সাৰকাৰখানাৰ বাবে প্ৰয়োজন হোৱা ১০০ কোটি টকা মুকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে।