গুৱাহাটীঃ ৰাজ্যত ক্ৰমাৎ বৃ্দ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ ৰাজ্যত ৭ জন লোকৰ দেহত কৰোনা ধৰা পৰাৰ পিছতে পুনৰ ১৪ জন লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰে।
নতুনকৈ আক্ৰান্ত হোৱা ১৪ জনৰ ভিতৰত ৭ জন গুৱাহাটীৰ, ২ জন হোজাই, ২ জন বিশ্বনাথ, ২জন নলবাৰী আৰু এজন নগাঁৱৰ বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈ ৰাজ্যত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩৫লৈ বৃদ্ধি পাইছে। মৃত্যু হৈছে ৪ জনৰ আৰু কৰোনামুক্ত হৈছে ৪১জন লোক।