বৰপথাৰঃ দেশ মাতৃক ৰক্ষাৰ বাবে জন্মু-কাশ্মীৰত ২০১৯ বৰ্ষৰ ১৯ অক্টোবৰত শত্ৰুপক্ষৰ অতৰ্কিত আক্ৰমণত শ্বহীদ হৈছিল অসম সন্তান ভাৰতীয় সেনাৰ হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ। প্ৰায় ১১ টা মাহ পূৰ্বে শ্বহীদ হোৱা পদম বাহাদুৰ শ্ৰেষ্ঠৰ জন্মস্থান গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ হাতীঘুলিত বীৰজনৰ নামত পথৰ নামকৰণ, আৱক্ষ মূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷
কিন্তু সেইসমূহ প্ৰতিশ্ৰুতি চৰকাৰ-প্ৰশাসনে কাৰ্যকৰী নকৰিলে। শ্বহীদজনৰ নামত দুটাকৈ পকী পথ নিৰ্মাণ, বৰপথাৰত প্ৰতিমূৰ্তি স্থাপন, শ্বহীদ বীৰজনৰ পুত্ৰ-কন্যাক উন্নত শিক্ষাৰ ব্যৱস্থা কৰা, দলং নিৰ্মাণ কৰাৰ সকলো প্ৰতিশ্ৰুতি এতিয়া ফুটুকৰা ফেন হৈ পৰিল। শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ ভাতৃ, শৈশৱৰ এজন বন্ধুৱে আবেগিক হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিলে।
সাংসদ গৌৰৱ গগৈয়ে গাঁওখনত থকা এটি মন্দিৰত বীৰজনৰ স্মৃতিত ৩ লাখ টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও সোঁৱৰাই দিলে। ইয়াৰ উপৰি চৰকাৰ-প্ৰশাসনে শ্বহীদজনৰ পৰিয়ালক ১২ দিনৰ ভিতৰত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম বুলি কোৱা কথাও ক্ষোভেৰে সোঁৱৰাই। চৰকাৰ-প্ৰশাসনে শ্বহীদৰ জন্মস্থান তথা পিতৃ-মাতৃক, পৰিয়ালক ১২ দিনৰ বাবেহে মনত পেলালে, পিছত পাহৰি গ’ল বুলিও ক্ষোভ উজাৰে ৰাইজে।
ইপিনে বৰপথাৰৰ সমীপৰ পৰা শ্বহীদজনৰ ঘৰলৈ অহা-যোৱা কৰা পথৰ বিধস্ত ৰূপ৷ শ্বহীদজনৰ ঘৰৰ ওচৰত এখন পকী দলং নিৰ্মাণ হোৱাৰ কিছুদিন পিছতেই চাইড গাৰ্ড দেৱাল ভাঙি খহি পৰে৷ দলঙত ফাট মেলাও দেখা গ’ল। স্থানীয় লোকৰ লগতে বীৰজনৰ পৰিয়াল তথা স্থানীয় দল-সংগঠনে চৰকাৰ-প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰিবলৈ দাবী জনায়।