হোজাই আৰক্ষীয়ে সফল অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হোজাই আৰক্ষীয়ে হোজাইৰ মিলিকবস্তি আৰু নতুন বজাৰত পৃথকে পৃথকে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ সুগ্ৰীভ প্ৰজাপতি আৰু ৰাজেন্দ্ৰ মাহাতুক আটক কৰে৷ দুয়োজনৰ পৰা সাতশ দহগ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে৷ দুয়ো সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা হোজাইলৈ আনিছিল হেৰ’ইন খিনি৷ দুই সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা হোজাইলৈ আনি হেৰ’ইন হোজাই বিভিন্ন ঠাইত ৰমৰমীয়া ব্যৱসায় কৰি আহিছে৷