হোজাইঃকপাহবাৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ স্কুটি চালকক বচাবলৈ গৈ ইটাভৰ্তী ট্ৰাকে খুন্দা মাৰে এখন মাৰুতিক৷ দুৰ্ঘটনাটোত ট্ৰাকত থকা কেবাজনো লোক আহত হৈছে। আহত লোককেইজনক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হয়৷ স্কুটি চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে৷ AS 11 AC 4594 নম্বৰৰ ডবকাৰ পৰা লংকা অভিমুখে গৈ থকা ইটা ভৰ্তি ট্ৰাক খনে ৰৈ থকা AS 11 AC 4594 নম্বৰৰ মাৰুতি খনক খুন্দিয়াই৷ হোজাইৰ কপাহবাৰী চাৰিআলিৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।