চামনুন আহমেদ, ডবকাঃ হোজাই জিলা আৰক্ষীয়ে পুনৰ জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই সোমবাৰে নিশা৷ হোজাই আৰক্ষীয়ে দেৱস্থান, নীলবাগান আদিত অভিযান চলাই জালনোট চক্ৰৰ সৈতে জৰিত এগৰাকী তথাকথিত নেতাক আটক কৰিবলৈ সক্ষম হয়৷ হোজাই জিলাৰ দেৱস্থান আৰু মোৰাঝাৰ আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে নিশা কেইবাঠাইত অভিযান চলাই কফিল উদ্দিন ওৰফে কাবিল নামৰ আন এজন বিজেপি নেতাক আটক কৰিবলৈ সক্ষম হয়৷ কাবিল উদ্দিনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰু দীৰ্ঘ সময় ধৰি জালনোটৰ ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে৷
উল্লেখ্য যে, কেইদিনমান পূৰ্বে দেৱস্থানত বৃহৎ পৰিমাণৰ নকল টকাসহ আটক হৈছিল হোজাই শিংগিৰপাৰ গাঁৱৰ জিয়া উদ্দিন নামৰ আন এজন লোক৷ জিয়া উদ্দিনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসায় কৰাৰ অভিযোগ আছিল৷ নকল টকাৰে ইতিমধ্যে বহু ব্যৱসায়ীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছিল জিয়া উদ্দিনৰ বিৰুদ্ধে৷
জিয়া উদ্দিনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় নকল টকা সৰবৰাহৰ এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে ৰাইজে৷ জিয়া উদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে নিশা নীলবাগানৰ মোবাৰকবস্থিত আৰক্ষীয়ে অভিযান চলাই তথাকথিত বিজেপি নেতা কাবিল উদ্দিনক আটক কৰে আৰক্ষীয়ে৷ কাবিল উদ্দিনে নিজকে নকল টকাৰ ব্যৱসায়ী নহয় বুলি দাবী কৰে যদিও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ ইফালে চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোক পলাতক বুলি জানিব পৰা গৈছে৷