চামগুৰিঃ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী পৰ্য্যন্ত সুদীৰ্ঘ অঞ্চল ব্যাপী ১৬১৬ চনত স্বৰ্গদেউ প্ৰতাপ সিংহয়ে নিৰ্মাণ কৰা ঐতিহাসিক গড়টোৰ নাম চামধৰা গড়। বৰ্তমান ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে চামগুৰিৰ ৰঙাগড়াত দ্বিখণ্ডিত কৰা গড়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছিল আহোম ৰাজত্বৰ কালচোৱাত।
উল্লেখযোগ্য যে, আহোম সাম্ৰাজ্যৰ ৰক্ষাকৱচ স্বৰূপে পৰিগণিত হৈছিল অভেদ্য চামধৰা গড়। কিন্তু সম্প্ৰতি আধুনিকতাৰ হাতোৰা পৰি তথা একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে চৰম অশনি সংকট নামি আহিছে বুৰঞ্জী প্ৰসিদ্ধ গড়টোলৈ। লক্ষণীয়ভাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাক চাৰিলেনযুক্ত ৰাজপথলৈ সম্প্ৰসাৰণ কৰিব লগীয়া হোৱা বাবে কিছু পৰিমাণে গড়টো সংকুচিত হোৱাৰ উপৰিও বিশেষকৈ সুদীঘল গড়টোৰ কেইবা ঠাইটো একাংশ কাণ্ডজ্ঞানহীন লোকে বহু সময়ত ব্যক্তিগত প্ৰয়োজনৰ বাবে চলাই অহা অবৈধ খনন আৰু বেদখলৰ বাবে এতিয়া বিস্তৰভাবে ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে গড়টোৰ।
ঐতিহাসিক চামধৰা গড়টোৰ সমীপত কেইখনমান মাত্ৰ চৰকাৰী ফলক আঁৰিয়ে অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ে দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ কেইবাটাও দল-সংগঠনে। ঐতিহাসিক চামধৰা গড়টোক উপযুক্ত সংৰক্ষণ তথা পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে চামগুৰিৰ বহু কেইটা দল-সংগঠনৰ নেতা-কৰ্মীয়ে।