গুৱাহাটীঃ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সঘনাই সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ৷ এফালে ৰাজ্যখনৰ একাংশ শিল্পীৰ কংগ্ৰেছ-বিজেপি যোগদান৷ আনফালে নাগৰিকত্ব সংশোধনী আইনৰ পটভূমিত ভাগে ভাগে আঞ্চলিকতাবাদী শক্তিৰ উত্থান কৰিবলৈ একাংশ লোকে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷
ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকক্ষণত সাংগঠনিক দিশ শক্তিশালী কৰাত লাগিছে ৰাজ্যৰ শাসকীয় দল বিজেপি৷ দলটোৰ নেতা-কৰ্মী দলক শক্তিশালী কৰিবলৈ উঠি-পৰি লগাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষে তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ২৬ আগষ্টৰ পুৱাৰে পৰা ইখনৰ পিছত সিখন মাৰাথন বৈঠকত মিলিত হৈছে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে৷ বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষৰ লগতে ৰাজ্যিক বিষয়-ববীয়াৰ উপস্থিতিত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ সভাপতিত্বত হেঙেৰাবাৰীৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷
সভাত ১৪-২০ ছেপ্তেম্বৰলৈকে এসপ্তাহ জোৰা প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ জন্ম দিন পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ২৫ ছেপ্তেম্বৰত দিনদয়াল উপাধ্যায়ৰ জন্ম দিনৰ লগত সংগতি ৰাখি ঘৰে ঘৰে বিজেপিৰ পতাকা উত্তোলন কৰাৰ লগতে ২৫ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে আত্মনিৰ্ভৰশীল ভাৰত সপ্তাহ পালন কৰা হ’ব৷ তদুপৰি ইয়াৰ পিছতে ১০০ দিনীয়া এক নিৰ্বাচনীকেন্দ্ৰীক কাৰ্যসূচীৰ গ্ৰহণ কৰি বিজেপিয়ে৷ বিজেপি লক্ষ্য নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ৷