গুৱাহাটীঃ ‘হু-ইজ-বদৰুদ্দিন’ বুলি কৈ একালত ৰাজ্যৰ জনগণৰ সমৰ্থন আদায় কৰি দিছপুৰৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখত আজিকালি বদৰুদ্দিনৰ নাম আখৈ ফুটা দি ফুটে৷ ১৫ বছৰীয়া কংগ্ৰেছৰ চৰকাৰৰ কাৰ্যকালৰ চিৰশত্ৰু বদৰুদ্দিন আজমল এতিয়া মিত্ৰ হৈ কংগ্ৰেছৰ বৰঘৰত ঠাই ললে৷
ইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল এতিয়া কংগ্ৰেছৰ মিত্ৰ৷ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ নেতাই বাৰে বাৰে মিত্ৰজোঁটৰ কথা কৈ আহিছে৷ কংগ্ৰেছৰ মিত্ৰজোঁটৰ অংশীদাৰ হ’ব ইউডিএফ দল৷ ইউডিএফ দলক লৈ এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে কংগ্ৰেছে৷
যি কংগ্ৰেছে একালত আজমলক শত্ৰু জ্ঞান কৰিছিল সেই আজমলৰ দলৰ নেতাক মাতি আনি কংগ্ৰেছে এতিয়া নিজৰ ঘৰত বহুৱাই গোপন সভা কৰিছে৷ হয়তো ৰাজনীতি ইয়াকে কয়৷ ৰাজনীতিত সকলো সম্ভৱ হৈ পৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আজমলে একালত চকুৱে চকু চোৱা নাছিল৷ অসমৰ শত্ৰু বুলি কৈছিল৷ সাম্প্ৰদায়িক বুলি কৈছিল৷ সেই আজমলৰ কোলাত উঠি তৰুণ গগৈয়ে কংগ্ৰেছ দলক দিছপুৰলৈ আনিব খুজিছে৷ প্ৰকৃততে এয়া ৰাজনীতিৰ এটা নিৰ্লজ্জ কাৰবাৰ নেকি?
ইয়াৰ মাজতে শনিবাৰে তৰুণ গগৈৰ বৰঘৰলৈ আহে ইউডিএফৰ প্ৰতিনিধি দল৷ প্ৰদেশ কংগ্ৰেছ আৰু ইউডিএফৰৰ নেতৃত্ব শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰৰ চৰকাৰী আৱাসত বৈঠক অনুষ্ঠিত কৰে। আগন্তুক নিৰ্বাচনত দুয়ো দলে মিত্ৰজোঁট কৰি নিৰ্বাচনত যে নামিব সেই কথাৰ ইংগিত দিয়ে৷ কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতাত মোহৰ লাগে৷
ইউডিএফৰ সাধাৰণ সম্পাদক, অধিবক্তা আমিনুল ইছলামসহ ৫জনীয়া প্ৰতিনিধি দলে তৰুণ গগৈৰ আৱাসত মিলিত হয়। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি, সাংসদ ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে ইউডিএফৰ দলটোৰ ভাগে ভাগে বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত ইউডিএফ নেতা আমিনুল ইছলামে মিত্ৰতা খাটাং বুলি কয়। আমি কংগ্ৰেছক জনাই কৈছো যে মিত্ৰতা আমি কৰিম। এইটো মহাজোঁট বন্ধন হ’ব৷ সকলো ৰাজনৈতিক দল থাকিব। আমি কংগ্ৰেছক বিগ-ব্ৰাডাৰ ৰূপে ৰাখিছো৷ কংগ্ৰেছে কাক মুখ্যমন্ত্ৰী পাতিব সেয়া আমাৰ বিষয় নহয়৷ মুঠতে মিত্ৰতাহে হ’ব লাগে৷ বিজেপিক উৎখাত কৰিব লাগে বুলি কয় আমিনুলে।
ইউডিএফ নেতা আমিনুল ইছলামে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হ’ব নিদিও বুলি কংগ্ৰেছে কৈ অহা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবিধানে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হোৱাত বাধা নিদিয়ে বুলি কৈ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী পদৰ বাবে লালসা নাই৷ তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হ’বলৈ নাহে বুলি কয়৷