খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হুনাৰ হাট নামৰ মেলা চলি থকাৰ সময়তে খানাপাৰাত সংঘটিত হৈছে ভয়াবহ কাণ্ড৷ খানাপাৰা উৰণীয়া সেঁতুৰ তলত এটি কণমানি কন্যাৰ মৃতদেহ উদ্ধাৰ হৈছে৷ খানাপাৰা উৰণীয়া সেঁতুৰ তলতে নিশা এটা কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হুনাৰ হাটৰ বাবে হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ সময়তে কন্যা শিশুৰ মৃতদেহ ক’ৰ পৰা আহিল তাকেই লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কণমানিৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। বশিষ্ঠ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উৰণীয়া সেঁতুৰ ওপৰেৰে যোৱা কোনো বাহনৰ খুন্দাত কণমানিৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে৷ শিশুৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে৷