সৰুপথাৰৰ পৰা মণ্টু শৰ্মাঃ হিন্দু জাগৰণ মঞ্চৰ সৰুপথাৰ প্ৰখণ্ড সমিতিৰ অধীনৰ সৰুপথাৰ নগৰ আঞ্চলিক সমিতি নতুনকৈ গঠন। হিন্দু জাগৰণ মঞ্চৰ সৰুপথাৰ নগৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী দিপিকা চেহেল আৰু উপ-সভানেত্ৰী ভাৰতী কেওঁতে ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাত দুয়োগৰাকীকে আঞ্চলিক সমিতিৰ পৰা অব্যাহতি প্ৰদান কৰে সৰুপথাৰ প্ৰখণ্ড সমিতিয়ে৷ তৎকালীনভাৱে পুৰণি সমিতি ভংগ কৰি নিভা বৰাক সভানেত্ৰী আৰু প্ৰিয়ংকা সিনহাক সম্পাদিকা হিচাপে লৈ ২১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সমিতিখনে প্ৰথম কাম হিচাপে সৰুপথাৰ নগৰৰ পৌৰসভা নিৰ্বাচনৰ বাবে এখন দুৰ্নীতি মুক্ত পৌৰসভা গঠন কৰাৰ স্বাৰ্থত ৰাইজৰ কাষ চাপিব।