কলকাতাত হৃদৰোগত আক্ৰান্ত হৈ হিন্দী ছবি জগতৰ প্রখ্যাত গায়ক কে.কেৰ মৃত্যু৷ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত নজৰুল মঞ্চত সংগীত পৰিবেশন কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে মৃত্যু হয়৷ কে.কেৰ প্ৰকৃত নাম হৈছে কৃষ্ণকুমাৰ কুন্নাথ৷ ১৯৬৮ চনৰ ২৩ আগষ্টত জন্ম গ্ৰহণ৷ এজন ভাৰতীয় নেপথ্য গায়ক। হিন্দী, তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী, বাংলা, অসমীয়া আৰু গুজৰাটী ভাষাৰ চলচ্চিত্ৰত গান গাইছে। এই প্ৰজন্মৰ আটাইতকৈ বহুমুখী গায়ক হিচাপে গণ্য কৰা হয়। কলকাতাত এক সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
দিল্লীত হিন্দু মালায়ালী পিতৃ-মাতৃ চি এছ মেনন আৰু কুন্নাথ কনকবল্লীৰ ঘৰত জন্ম গ্ৰহণ কৰা কৃষ্ণকুমাৰ কুন্নাথ নতুন দিল্লীত ডাঙৰ দীঘল হৈছিল। কেকেয়ে বলীউডত প্ৰৱেশ কৰাৰ আগতে ৩,৫০০ জিংগল গাইছিল। দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰী স্কুলত পঢ়া শুনাৰ কৰাৰ লগতে আৰু কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনৰ বাবে ‘জছ অফ ইণ্ডিয়া’ গানটো গাইছিল।
কেকেয়ে ১৯৯১ চনত তেওঁৰ শৈশৱৰ প্ৰেম জ্যোথিক বিয়া কৰাইছিল। পুত্ৰ নকুল কৃষ্ণ কুন্নাথে তেওঁৰ লগত তেওঁৰ এলবাম হামচফাৰৰ ‘মস্তি’ গানটো গাইছিল। কেকেৰ তামাৰা কুন্নাথ নামৰ এজনী কন্যাও আছে।
অধিক অসুস্থ হৈ পৰাত শিল্পীগৰাকীক ডায়মণ্ড হাৰবাৰ ৰোডস্থিত এখন বেচৰকাৰী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ।
উল্লেখ্য যে নজৰুল মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সোমবাৰে নিজৰ দলসহ মুম্বাইৰ পৰা কলকাতাত উপস্থিত হৈছিল শিল্পীগৰাকী। অৱশেষত এই অনুষ্ঠানটোৱেই হৈ পৰে শিল্পীগৰাকীৰ অন্তিমটো অনুষ্ঠান।