উত্তৰ কোৰিয়াই দেশখনত ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ কথা অস্বীকাৰ কৰি আহিছিল৷ কিন্তু আজি হিটলাৰী ৰাষ্ট্ৰপতি কিম জং-উনে দেশখনত ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ কথা স্বীকাৰ কৰি দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ বুলি ঘোষণা কৰে। এক জৰুৰী সভাত ভাষণ দি ভাইৰাছ নিয়ন্ত্ৰণ কৰিবৰ বাবে সৰ্বাংগীন যুঁজ কৰাৰ আহ্বান জনাই দেশবাসীক।
চৰকাৰে মাত্ৰ দুদিন আগতে উত্তৰ কোৰিয়াত কৰোনাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ কথা স্বীকাৰ কৰিছিল। অৱশ্যে, বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ভাইৰাছ কিছুদিন ধৰি উত্তৰ কোৰিয়াত বিয়পি পৰিছে। আশংকা কৰা হৈছে যে যদি সংক্ৰমণ ব্যাপক হয় দেশখনত এক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷
দেশখনে যোৱা দুবছৰ ধৰি ভাইৰাছ-মুক্ত বুলি দাবী কৰি অহা বুলি কৈ আহিলেও সেই কথা যে মিছা আছিল তাকে প্ৰতিপন্ন কৰিলে৷ ২০২০ চনত উত্তৰ কোৰিয়াই সীমান্ত বন্ধ কৰি কোভিড নিয়ন্ত্ৰণ কৰা বুলি দাবী কৰিছিল। উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মতে ইতিমধ্যে কৰোনা ভাইৰাছৰ ফলত ২১ জন লোকৰ মৃত্যু হৈছে আৰু আন ১,৭০,০০০ লোকক পজিটিভ চিনাক্ত কৰা হৈছে। পিয়ংইয়ংৰ এজন লোকৰ মৃত্যু হৈছে যাক অমিক্ৰন সদৃশ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত বুলি নিশ্চিত কৰা হৈছে।
ৰাজ্যিক সংবাদ মাধ্যমই শনিবাৰে কয় যে উত্তৰ কোৰিয়াত যোৱা কেইসপ্তাহমানত ৫,০০,০০০ ৰো অধিক লোকৰ অজ্ঞাত কাৰণত জ্বৰত আক্ৰান্ত হৈছে
মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে।
চুবুৰীয়া দক্ষিণ কোৰিয়াৰ এজন বিবিচি সংবাদদাতাৰ মতে, উত্তৰ কোৰিয়াত কোনো কৰোনাভাইৰাছ ভেকছিন নাই আৰু পৰীক্ষাৰ ক্ষমতা সীমিত। দেশৰ স্বাস্থ্য ব্যৱস্থাও বৰ বেয়া।
ইয়াৰ অৰ্থ হৈছে যে এই ভাইৰাছৰ বিস্তাৰ সেই দেশত এক দুৰ্যোগ হ’বলৈ গৈ আছে।
কালি, দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতিয়ে পিয়ংইয়ং চৰকাৰক ভেকছিন আৰু অন্যান্য চিকিৎসা সামগ্ৰীৰ সৈতে সহায় কৰাৰ প্ৰস্তাৱ দিছিল।
কিন্তু উত্তৰ কোৰিয়াই ইয়াক গ্ৰহণ কৰিব নে নাই তাক লৈ সন্দেহ আছে, কিয়নো ই আগতে দেশখনলৈ এষ্ট্ৰজেনেকা আৰু চীনৰ চিনোভাক ভেকছিন প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু ই ইয়াক প্ৰত্যাখ্যান কৰিছিল।