ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হাথৰস কাণ্ডৰ মৃত্যুবৰণ কৰা যুৱতীৰ পৰিয়ালৰ খবৰ লবলৈ গৈছিল ভগ্নী প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক৷ বৃহস্পতিবাৰে পুৱাই কংগ্ৰেছ নেত্ৰী প্ৰিংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে হাথৰসলৈ যাবৰ বাবে উত্তৰ প্ৰদেশ অভিমুখে গৈ থকা অৱস্থাত গাড়ীৰ কনভয় ৰখাই আৰক্ষীয়ে৷ ইয়াৰ লগে লগে কনভয়ৰ পৰা নামি যেতিয়া ৰাহুল-প্ৰিয়ংকাই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাবলৈ আৰম্ভ কৰে৷
তাৰ পিছত পুনৰ কেইবাঠাইত ৰখাবলৈ চেষ্টা কৰা হয় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক৷ উক্ত সময়তে টনা-অজোৰা কৰাৰ লগতে ৰাহুল গান্ধীক আৰক্ষীয়ে গতিয়াই দিয়া পৰিলক্ষিত হয়৷ লাঠিচালনা কৰাৰ সময়ত কংগ্ৰেছৰ যুৱৰাজ মাটিত বাগৰি পৰে৷ হাথৰস কাণ্ডৰ বলি যুৱতীয়ে মঙলবাৰে দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে৷ আৰক্ষীয়ে যুৱতীৰ মৃতদেহ পৰিয়ালক গতাই নিদি নিজেই শেষকৃত্য সম্পন্ন কৰে৷ পৰিয়ালে অন্তিম সৎকাৰৰ সময়ত উপস্থিত থাকিব পৰা নাছিল৷
এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে পুৱাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিংকা গান্ধীয়ে কমনভয় যোগে হাথৰস অভিমুখে ৰাওনা হৈছিল যদিও আৰক্ষীয়ে বাৰে বাৰে ৰখাবলৈ চেষ্টা কৰে? এটা সময়ত দুয়ো নেতাই গাড়ীৰ পৰা নামি খোজকাঢ়িবলৈ আৰম্ভ কৰে৷ ৰাহুল-প্ৰিয়কাই সমৰ্থকক লগত লৈ ১৪২ কিলোমিটাৰ পথ খোজাকাটি যাবলৈ চেষ্টা কৰাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীয়ে লাঠিচালনা কৰে৷ ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে মোক গতিয়াই দিয়া৷ মোক লাঠিচালনা কৰা হৈছে৷ মোক গতিয়াই মাটিক পেলাই দিয়া হৈছে৷ কেৱল মোদী ডাঙৰীয়াই দেশত ঘুৰিব পাৰে৷ সাধাৰণ মানুহে পথত চলাচল কৰিব নোৱাৰিব৷ ইতিমধ্যে ১৪৪ ধাৰা ভংগ কৰাৰ অপৰাধত ৰাহুল গান্ধীক আৰক্ষীয়ে আটক কৰিছে৷