March 28, 2023, 6:55 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

হাতৰ ধন খৰছ কৰি নামঘৰ চৌহদত পদপথ নিৰ্মাণ কৰিলে সমাজপ্ৰিয় অতুল চন্দ্ৰ শইকীয়াই

Reporter Name
  • Update Time : Sunday, August 23, 2020
  • 100 Time View

বোকাজানঃ ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা সংক্ৰমণৰ আতংকৰ সময়ত লক-ডাউনৰ ফলত সাধাৰণ নাগৰিক ঘৰতে আৱদ্ধ হৈ পৰিছে৷ কিন্তু তেনে সময়তে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষই সমাজসেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ সমাজপ্ৰিয় নিঃস্বাৰ্থ সমাজসেৱক বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ শইকীয়াই সময়ে সময়ে সমাজৰ হিতৰ বাবে কাম কৰি আহিছে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ শইকীয়াই লক-ডাউনৰ সময়ত ঘৰতে থাকি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰ চৌহদত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে এটা পকী পথ নিৰ্মাণ কৰে৷ পথটো দেওবাৰে উদ্ধোধন কৰা হয়। ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্রম কৰা বকলীয়াঘাট নগৰৰ মাজমজিয়াতে নামঘৰটোৰ উন্নয়নৰ লগতে ইয়াক এক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে যোৱা কিছু বছৰ ধৰি যৎপৰনাস্তি চেষ্টা চলাই অহা শিক্ষকগৰাকীয়ে লক-ডাউনৰ সময়ছোৱাৰ ভিতৰতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰৰ চৌহদৰ চাৰিওদিশে প্ৰায় ডেৰ লক্ষাধিক টকা ব্যয় কৰি এটা পদপথ নিৰ্মাণ কৰে।

দেওবাৰে পথটো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হয়। পথটো ৰাইজৰ বাবে মুকলি কৰি দি প্ৰদান কৰা ভাষণত অধ্যক্ষগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক নামঘৰৰ চৌহদটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা হাতত লোৱাৰ কথা ব্যক্ত কৰে। পৰৱৰ্তী পৰ্যায়ত নামঘৰ চৌহদৰ ভিতৰতে সৌন্দৰ্যবৰ্ধনৰ বাবে এখন স্থায়ী দলং নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়েও ভাষণ প্ৰসংগত উল্লেখ কৰে।

উল্লখ্যে যে, চৰকাৰী দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বিগত প্ৰায় ১২ বছৰ ধৰি নামঘৰ চৌহদতে থকা শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ অধ্যক্ষৰ গুৰুদায়িত্ব পালন কৰি সমাজৰ প্ৰতি সেৱাৰ মনোভাৱ আগবঢ়াই আহিছে অতুল চন্দ্ৰ শইকীয়াই। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছৰে পৰা সমাজৰ হিতৰ বাবে নিৰৱচ্ছিন্নভাবে কাম কৰি অহা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে ইতিপূৰ্বে বিদ্যালয়খনৰ উন্নয়ন বাবে ব্যক্তিগতভাবেও কেইবালক্ষ টকা ব্যয় কৰা বুলি জানিব পৰা গৈছে।

অধ্যক্ষগৰাকীৰ তৎপৰতাতে বিগত সময়ছোৱাত নামঘৰ চৌহদত কল, শাক-পাচলি, বিভিন্ন জাতৰ ফুল আদিৰ জৰিয়তে এক সুকীয়া ৰূপ প্ৰদান কৰিবলৈ সক্ষম হোৱা নামঘৰ চৌহদত বিভিন্ন ফলমূল, ফুল, শাক-পাচলি আদিৰ উৎপাদনৰ ব্যৱস্থা কৰাৰ পৰিকল্পনাৰ কথাৰ লগতে নামঘৰ চৌহদত সৌৰশক্তি চালিত প্ৰযুক্তিৰে কৃত্ৰিম পোহৰৰ ব্যৱস্থাৰে চৌহদটোক জিলাখনৰ ভিতৰতে এক অন্যতম গুৰুত্বপূৰ্ণ তথা আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ কথাও অধ্যক্ষগৰাকীয়ে নিজ ভাষণত উপস্থিত ৰাইজক অৱগত কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে