গোলাঘাটঃ কোনো কাৰণতে কংগ্ৰেছৰ হাত এৰি বিজেপিলৈ নাযায় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছী বিধায়িকা অজন্তা নেওগ৷ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে সংবাদমাধ্যমৰ সন্মুখত এই কথা স্পষ্ট কৰে৷ সময়ে সময়ে অজন্তা নেওক সহ কংগ্ৰেছৰ কেইবাগৰাকী বৰ্তমানৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হৈ থকাৰ সময়তে এইবাৰ মই বিজেপিলৈ নাযাও বুলি ক’বলৈ বাধ্য হ’ল অজন্তা নেওগ৷
চৌদিশে ক’ৰোনাৰ আংতক৷ ইয়াৰ মাজতে সমাগত ২১ৰ বিধানসভা নিৰ্বাচন। ৰাজনৈতিক দল সমূহৰ দিছপুৰৰ মচনদ দখলৰ যুঁজ অব্যাহত থকাৰ সময়তে অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যাব বুলি চৰ্চা চলিছিল৷
ইতিমধ্যে এইবিষয়ত খবৰো বহুবাৰ প্ৰচাৰ হৈছে। কিন্তু মঙলবাৰে অজন্তা নেওগে স্পষ্ট কৰিছে যে তেও বিজেপিলৈ নাযায়। এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ আখ্যা দি অৱশ্যে ৰাজনীতিত এয়া কোনো অসম্ভৱো নহয় বুলি কয়৷ বিজেপিত যোগদান কৰে নে নাই সেই কথা ৰহস্য যদিও নেওগৰ আজিৰ তাৰিখত স্থিতি স্পষ্ট ‘মই বিজেপিলৈ নাযাও৷’