ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণসকলে প্ৰায়ে পৰৱৰ্তী পৰ্যায়ত কেনেদৰে শিক্ষাগ্ৰহণ কৰিলে জীৱনৰ কণ্টকময় বাটত হেলাৰঙে আগুৱাই যাব পাৰিব এইলৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰায়ে দোধোৰ-মোধোৰ অৱস্থাত পৰা দেখা যায়। এই ক্ষেত্ৰত ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ নামৰ ৱাটছআপ গোট এটাই What Next After 10th and 12th শীৰ্ষক এখনি কেৰিয়াৰ কৰ্মশালা আয়োজন কৰে।
ডেভেলপমেণ্ট ডিজিটেলি গ্রুপ(Development Digitally Group) নামৰ ৱাটছআপ গোটৰ উদ্যোগত ১০ জুলাইত সন্ধিয়া ৮ বজাত “What Next After 10th and 12th” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। ৱাটছআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা, বাণিজ্য শাখা, কলা শাখা তথা বৃত্তিমুখী(vocational) শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা আগবঢ়ায়।
তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে(৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।
কৰ্মশালাখনত আসনৰ সংখ্যা ১০০ খন হোৱা বাবে বহুতো শিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰিব নোৱাৰিলে, তেওঁলোকে ইউটিউব(https://youtu.be/WpsrYvfmFTQ)ত কৰ্মশালাখনৰ ৰেকৰ্ডিংটো চাব পাৰিব।