আজি হোজাইৰ শংকৰদেৱ নগৰস্থিত হাইস্কুল শিক্ষক সন্থাৰ হোজাই জিলা সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে৷ হোজাই জিলা হাইস্কুল শিক্ষক সন্থাৰ অধিবেশন কিছুদিন পূৰ্বে সম্পন্ন হৈছিল৷ উক্ত অধিবেশনতে হোজাই জিলা সমিতিৰ নতুন সমিতি গঠন কৰা হৈছিল৷ আজি হোজাই জিলাৰ শংকৰদেৱ নগৰত হাইস্কুল শিক্ষক সন্থাৰ জিলা শিক্ষা ভৱনত কাৰ্যভাৰ গ্ৰহণ কৰে৷ মোৰাঝাৰ মৌডংগা হাইস্কুলৰ প্ৰধান শিক্ষক ছাবিৰ আহমেদ মজুমদাৰক জিলা সভাপতি আৰু হোজাই বিবেকানন্দ হাইস্কুলৰ প্ৰধান শিক্ষক বিজয়কৃষ্ণ ঘোষক সম্পাদক হিচাপেলৈ ১৬ জনীয়া নতুন সমিতিয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰে৷ কাৰ্যভাৰ গ্ৰহণ উপলক্ষে বৰবহা মডেল হাইস্কুলৰ প্ৰধান শিক্ষক ৰূপক ৰয় উপস্থিত থাকে৷