বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ মাহৰিআটিৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত আৰু বস্ত্ৰ বয়ন শিল্প বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ আকস্মিক বিয়োগ ঘটাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ১১ বজাত ৫৮ বছৰীয়া শৰ্মাই নৈশ আহাৰ গ্ৰহনৰ পিছত স্নানাগাৰলৈ গৈ তাৰ পৰা ওলাই আহিব ধৰোতেই মজিয়াত ঢলি পৰে শৰ্মা। লগে লগেই তেওঁক পৰিয়ালৰ লোকে নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে ৷ কিন্তু গুৱাহাটীলৈ নি থকাৰ পথত নিশাই জাগীৰোডত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বয়ন শিল্প বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক তথা হিচাপ পৰীক্ষক হিচাপে কৰ্মৰত শৰ্মাই চাকৰি জীৱনৰ সমান্তৰালকৈ স্থানীয় অঞ্চলৰ বহুকেইটা সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত থাকি সমাজৰ হকে সেৱা আগবঢ়াই আহিছিল । ইফালে, তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে বুধবাৰে পুৱাৰ ভাগত তেওঁৰ বাসগৃহত অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সমবেত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷
অমায়িক, সদা হাস্যময়ী ব্যক্তি হিচাবে পৰিচিত শৰ্মাৰ এনে অকাল বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে৷ মৃত্যুৰ সময়ত শৰ্মাই এজন পুত্ৰ, এগৰাকী কন্যা, দুই ভাতৃসহ বহু ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যায় ।