কংগ্ৰেছৰ বিসম্বাদী গোট জি-২৩ৰ কংগ্ৰেছ নেতাসকলে শীৰ্ষ নেতৃত্ব সলনি কৰাৰ দাবীত যোৱা দুটা দিনত তিনিখন বৈঠক অনুষ্ঠিত কৰিছে৷ তাৰ মাজতে শুকুৰবাৰে জি-২৩ৰ সদস্য গোলাম নবী আজাদে দলৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰে। বৈঠকৰ পিছত গোলাম নবী আজাদে কয় যে কংগ্ৰেছ সভাপতিৰ সৈতে এয়া ভাল বৈঠক। এইটো আপোনাৰ বাবে খবৰ হ’ব পাৰে কিন্তু এয়া দলৰ সভানেত্ৰীৰ সৈতে নিয়মীয়া, স্বাভাৱিক বৈঠক। কংগ্ৰেছ দল কেনেকৈ একত্ৰিত হ’ব পাৰে আৰু আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাব পাৰে, সেই বিষয়ে আলোচনা কৰা হৈছে। নেতৃত্বৰ কোনো প্ৰশ্নই নাছিল। চিডব্লিউচিৰ কোনেও ছোনিয়া গান্ধীক পদত্যাগ কৰিবলৈ কোৱা নাছিল। কংগ্ৰেছ সভাপতিৰ সৈতে আজাদৰ বৈঠকৰ এদিন পূৰ্বে জি-২৩ৰ সদস্য ভূপেন্দ্ৰ সিং হুডাই বৃহস্পতিবাৰে দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল। এঘণ্টাতকৈও অধিক সময় ধৰি চলি থকা ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকত শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু দলটো শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনাৰ বাবে হুডাক মাতিছিল। যোৱা বুধবাৰে, জি-২৩ নেতাসকলে এক নৈশ ভোজত অংশ লৈছিল। জি-২৩ গোটে দলটোত সাংগঠনিক পৰিৱৰ্তন আৰু সামূহিক নেতৃত্বৰ দাবী জনাই আহিছে। শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছতে জি-২৩ গোট পুনৰ সক্ৰিয় হৈ পাৰে৷ আন এজন গুৰুত্বপূৰ্ণ সদস্য কপিল চিব্বলে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৈছিল যে গান্ধী পৰিয়ালে কংগ্ৰেছৰ নেতৃত্ব ত্যাগ কৰিব লাগে আৰু আন যিকোনো নেতাক সুযোগ দিব লাগে। ইয়াৰ পিছত, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি বিবেচিত কিছু নেতাই চিবালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। জি-২৩ গোটৰ কংগ্ৰেছ নেতাসকলে বুধবাৰে নৈশ ভোজত একত্ৰিত হৈ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে আলোচনা কৰিছিল আৰু কৈছিল যে দলটোৰ বাবে এক সামূহিক আৰু সামগ্ৰিক নেতৃত্ব ৰখাৰ বাবে এইটোৱেই পথ। এক বিবৃতিত তেওঁ লগতে কয় যে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে এক বিশ্বাসযোগ্য বিকল্প আগবঢ়োৱাৰ লক্ষ্যৰে সমমনস্ক দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰা উচিত। কপিল চিবাল, আনন্দ শৰ্মা, মনীষ তিৱাৰী, শশী থাৰুৰ, শংকৰসিংহ বাঘেলা, অখিলেশ প্ৰসাদ সিং, সন্দীপ দীক্ষিত, বিবেক তানখা, পৃথ্বীৰাজ চৱন, ভূপেন্দ্ৰ সিং হুডা, ৰাজ বব্বৰ, মণি শংকৰ আয়াৰ, পি জে কুৰিয়েন, ৰজিন্দৰ কৌৰ ভট্টাল, কুলদীপ শৰ্মা, পৰনীত কৌৰ আৰু এম.এ খানে ৰাজ্যসভাৰ প্ৰাক্তন নেতাৰ বাসগৃহত উপস্থিত আছিল।