পঙ্কজ নাথঃ দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় স্তৰত যুজ দিয়াৰ সংকল্প লৈছে সদৌ অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ। অসমৰ দুৰ্নীতিৰ কথা পৰিষদে তথ্য সহকাৰে উদঙাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। বৰ্তমান সময়ত ভাৰত চৰকাৰৰ জলজীৱন মিছন আঁচনিৰ অধীনত বহু কোটি-কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতিৰ বিৰুদ্ধে সদৌ অসম উন্নয়ন পৰিষদে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি কয়৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে সৰ্বভাৰতীয় সাংবাদিক সন্থাৰ সভাপতি বিক্ৰম সেনক মুম্বাইৰ পশ্চিম অন্ধেৰীত সাক্ষাৎ কৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি থকা যুঁজখনত সন্থাৰ সভাপতি সেনৰ সহযোগিতা কামনা কৰে। সাক্ষাতকালত সৰ্বভাৰতীয় সাংবাদিক সন্থাৰ সভাপতি বিক্ৰম সেনে উন্নয়ন পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰক দুৰ্নীতি বিৰোধী সংগ্ৰামত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।