বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰুপথাৰ সমষ্টিৰ বিভিন্ন নদীপৰীয়া এলেকাৰ ঘৰ-দুৱাৰ, কৃষিভূমি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি ভোটভিক্ষা কৰিছিল বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনে৷ ১৩টা মাহ পূৰ্বে বিধায়ক নিৰ্বাচিত বিশ্বজিৎ ফুকনে দায়িত্ব গ্ৰহণ কৰিয়েই সৰুপথাৰ সমষ্টিৰ কেইবাটাও নদীপৰীয়া এলেকাক সংৰক্ষণ কৰিবলৈ আঁচনি প্ৰস্তুত কৰি আঁচনি ৰূপায়ন কৰে৷ সৰুপথাৰ সমষ্টিৰ হেৰহেৰী গাঁৱৰ দৈয়াং নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি গ্ৰহণ কৰা হয়৷ বিগত ১৯ ফেব্ৰুৱাৰীত হেৰহেৰী গাঁৱৰ দৈয়াং নৈৰ খহনীয়া প্ৰতিৰোধৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল বিশ্বজিৎ ফুকনে। আধাৰশিলা স্থাপনৰ তিনিটা মাহ পিছতে দৈয়াং নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ হয়৷ তাৰ মাজতে আজি বিধায়ক ফুকনে দৈয়াং নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে৷ কাম পৰিদৰ্শন কৰি জল সম্পদ বিভাগৰ দক্ষতাৰ বাবে মাত্ৰ তিনি মাহতে কাম সম্পূৰ্ণ হোৱা বুলি কয় বিধায়ক ফুকনে। জল সম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, অভিযন্তা আৰু বিষয়াৰ শলাগ লয় ফুকনে।