স্বাধীনতাৰ ৭৫টা বছৰে সকলো দিশতে পিছ পৰি ৰোৱা গোলাঘাট জিলাৰ সীমান্তৱৰ্তী সমষ্টি সৰুপথাৰবাসীক আজি স্বাস্থ্য খণ্ডত এক নতুন উপহাৰ দিলে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে৷ সৰুপথাৰৰ চিকিৎসালয়ত নতুনকৈ স্থাপন কৰা টেলিমেডিচিন বিভাগ আজি বিধায়ক ফুকনে মুকলি কৰে৷ সৰুপথাৰৰ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক আৰু কৰ্মচাৰীৰ উপস্থিতিত টেলিমেডিচিন বিভাগ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে অনাগত দিনত বহু কাম কৰা হ’ব বুলি কয়৷ কেৱল সমষ্টিবাসীৰ কল্যাণৰ বাবে কাম কৰাৰ পণ লোৱা বুলি কয় বিধায়গৰাকীয়ে। আজিৰ অনুষ্ঠানত বৰপথাৰ পৌৰসভাৰ সভাপতি সঞ্জীৱ বৰুৱা, সৰুপথাৰ পৌৰসভাৰ সভানেত্ৰী অঞ্জলী ভিলৱৰীয়া, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা আৰু জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে।