সৰুপথাৰঃ সৰুপথাৰ নাহৰণী আৰু পদুমনি গাঁৱৰ মাজেৰে যোৱা ৰে’লৱে লাইনৰ ওপৰত সোমবাৰে বিয়লি চাৰিমান বজাত এটি ৰেলে কটা কোনো অচিনাকি ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ লগতে উক্ত স্থানত এটি ভঙা অৱস্থাত পৰি থকা মোবাইল ফোন, ৰেল লাইনৰ কাষত এখন চাইকেল আৰু এযোৰ হাৱাই চেণ্ডেল দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও সেই স্থানতে অনজয শৰ্মা, পিতা মালিৰাম শৰ্মা নামৰ এটি ভোটাৰ কাৰ্ড আৰু এখনি পেন কাৰ্ড পৰি থকা দেখা গৈছে। স্থানীয় লোকৰ ভাষ্যমতে ৩ বাজি ১৫ মিনিট মান বজাত নামনিমুৱা অৱধ অসম ৰে’ল আহি থকা সময়ছোৱাত ব্যক্তিজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনা স্থলীত ৰেলৱে বিভাগৰ কৰ্মচাৰী আৰু অসম পুলিচৰ ব্যক্তি উপস্থিত হৈ মৃতদেহটো ৰেলৱে চিৰিৰ মাজৰ পৰা আতৰ কৰাৰ ব্যৱস্থা কৰে। অৱশ্যে মৃতদেহটোৰ মুখমণ্ডলচোৱা নথকাত চিনাক্ত কৰিব পৰা নাই। ঘটনাস্থলীত ৰেলৱে বিভাগৰ আৰক্ষী আৰু পৰিয়ালৰ লোক উপস্থিত হলেহে মৃতদেহটোৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।