March 29, 2023, 4:07 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

সৰুপথাৰ-উৰিয়ামঘাট পথৰ কদৰ্য ৰূপ, মন্ত্ৰী-বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ

Reporter Name
  • Update Time : Thursday, June 18, 2020
  • 154 Time View

সৰুপথাৰঃ উজনিৰ সৰুপথাৰৰ বাট-পথৰ শোচনীয় অৱস্থা। ৰাইজে দীৰ্ঘদিন ধৰি বাট-পথ মেৰামতি কৰি উন্নত কৰাৰ দাবী জনাই আহিছে যদিও মন্ত্ৰী, বিধায়ক তথা গড়কাপ্তানি বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আনহে নালাগে যাতায়াতৰ অন্যতম সদাব্যস্ত সৰুপথাৰ-উৰিয়ামঘাট পথত যাতায়াতৰ পৰিবেশ নোহোৱা হৈ পৰিছে৷ সৰুপথাৰ-উৰিয়ামঘাট পথত মেৰামতিৰ অভাৱত বৃহৎ বৃহৎ গাত হোৱাৰ ফলত গাড়ী-মটৰটো দূৰৰ কথা খোজকাঢ়িবৰ পৰিবেশ নোহোৱা হৈছে৷ নিতৌ শ-শ ডাম্পাৰ, অ’এনজিচিৰ গাড়ীকে ধৰি সৰু-বৰ হাজাৰ হাজাৰ গাড়ী চলাচল কৰা পথটো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷

দীৰ্ঘদিন ধৰি সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁও আৰু গন্ধকৰৈ গাঁও হৈ উৰিয়ামঘাটলৈ যোৱা মুখ্য পথটো ইকৰাণী চাৰিআলিৰ অংশই বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে। পথটোৰ মাজত দ’ গাতৰ সৃষ্টি হৈছে। ৰাজপথৰ গাতত গাড়ীৰ চকা বহি যোৱাৰ ফলত গাড়ী লানি লাগি থাকিব লগা হয়৷ ফলত ব্যাপক যান-জোঁটৰ সৃষ্টি হৈ আহিছে৷ বুধবাৰে শীল ভৰ্তি এখন ডাম্পাৰ গাতত সোমাই যায়। ফলত সম্পূৰ্ণ শীল আনলোড কৰা পৰ্যন্ত গাড়ী সমূহে ৰৈ থাকিব লগা হয়। বৰষুণৰ বতৰত পথত খোজ কাঢ়িব নোৱাৰা পৰিবেশৰ বাবে ৰাইজে বিপদত পৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে