ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকীয়াপথাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে। আসাম ৰাইফলছ আৰু গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত চলা যুটীয়া অভিযানত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। যুৱকজন কিছুদিন আগতে সৰুপথাৰ ইকৰানীৰ এটা পেট্ৰল পাম্পত হোৱা ডকাইতি কাণ্ডত জড়িত আছিল বুলি জানিবললৈ দিয়ে আৰক্ষীয়ে। যুৱকজন উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত জয়াপথাৰৰ নৱকান্ত বড়ো বুলি জানিব পৰা গৈছে। এটা 9mm পিষ্টল, ২ জাই সজীৱ গুলী আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।